
প্ৰথমখন অসমীয়া কোৰ্ট ৰূম ড্ৰামা ৱেব চিৰিজ… ৰীলড্ৰামাত মুক্তি পাব "ন্যায়" আমি প্ৰায় কোৰ্ট ৰূম ড্ৰামা বোৰ হিন্দী ৱেব চিৰিজ আৰু চিনেমাসমূহতহে দেখিবলৈ পাওঁ। নহয়নে? অসমীয়া মনোৰঞ্জন ক্ষেত্ৰত ন্যায়লয়ৰ ভিতৰত চলি থকা ড্ৰামাৰ দৰে বিষয়বস্তু হয়টো ইয়াৰ পূৰ্বে দৰ্শকে উপভোগ কৰা নাই। এইবাৰ অৱশ্যে ৱেব চিৰিজৰ জগতখনক সংযোজিত হ'বলৈ গৈ আছে "ন্যায়" শীৰ্ষক এখন নতুন ৱেব চিৰিজ। অসমৰ প্ৰথমখন কোৰ্ট ৰূম ড্ৰামা ৱেব চিৰিজ হ'ব "ন্যায়"। জনপ্ৰিয় অটিটি প্লেটফৰ্ম "ৰীলড্ৰামা" ত আহিবলগীয়া এই ৱেব চিৰিজখন কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত প্ৰযোজনা কৰিছে সুমিত দাসগুপ্তা আৰু কুহেলি ৰায়ে। কাৰ্যবাহী প্ৰযোজনা সমুজ্জ্বল কাশ্যপৰ। চলিত বৰ্ষৰ শেষৰ পিনে মুক্তি পাবলগীয়া এই ৱেব চিৰিজখনত দৰ্শকে নতুনত্ব পাব বুলি ইতিমধ্যে জনাইছে নিৰ্মাতাগোষ্ঠীয়ে। ৱেব চিৰিজখনৰ পৰিচালনা সৌৰভ বৈশ্যৰ। কাহিনীভাগ লিখিছে ৰাজদ্বীপে। আনহাতে, দৃশ্যগ্ৰহণ কৰিছে ৰূপমজ্যোতি শইকীয়াই। ইয়াত অভিনয় কৰিছে ক্ৰমে অচিন্ত ৰাজ কাশ্যপ, নন্দিনী কাশ্যপ, সুনীতা কৌশিক, মিণ্টু বৰুৱা, চেতনা দাস, ভ্ৰান্তি মেধি, সুব্ৰত দেউৰী, পুলকেশ, অমূল্য বৰুৱা, ভাৰ্গৱ কটকী, সমুদ্ৰ, ৰবীন হালৈৰ লগতে বাবলী বৰাই। @souravbaishya_films @achinta_raj_kashyap @nandinee_r_kashyap @sunitakaushik5 #highlightseveryonefollowers2025 #highlights2025 #assam #highlightseveryone #highlightsシ゚ #highlightsシ゚followers #followers #followerforfollower #followforfollow #chitrabon #chitrabonemagazine
This post was published on 06th May, 2025 by Sunita on her Instagram handle "@sunitakaushik5 (Sunita Kaushik)". Sunita has total 268.4K followers on Instagram and has a total of 1.4K post.This post has received 82 Likes which are lower than the average likes that Sunita gets. Sunita receives an average engagement rate of 0.74% per post on Instagram. This post has received 0 comments which are lower than the average comments that Sunita gets. Overall the engagement rate for this post was lower than the average for the profile. #chitrabon #highlightseveryonefollowers2025 #highlights2025 #chitrabonemagazine #highlights #assam #highlightseveryone #followforfollow #followers #followerforfollower has been used frequently in this Post.